গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বেতনা মৌজাৰ অন্তৰ্গত নাটকুছি গাঁৱত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে। শুক্লাই নদীয়ে পশ্চিম প্ৰান্তত থকা নাটকুছি-বগৰীবাৰী গাঁৱত মথাউৰিৰ একাংশ খহাই নিয়াত এতিয়া চৰম অনিশ্চয়তাত দিন- ৰাতি কটাইছে গাঁওবাসীয়ে।
উল্লেখ্য যে যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে শুক্লাই নদী বাঢ়ি অহাত মহৰিপাৰা অঞ্চলৰ কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। যিসময়ত গাঁওবাসীয়ে কৃষিকৰ্মৰ বাবে পথাৰত ব্যস্ত থাকিব লাগিছিল তেনে সয়ত এতিয়া বানক ৰোধিবলৈ নৈৰ পাৰত অৱস্থান কৰিব লগীয়া হৈছে।