ডিজিটেল ডেস্কঃ কল্পনা কৰক এনে এটা পৰিস্থিতি, য’ত কেৱল সাতজন ক্ৰিকেট খেলুৱৈৰে ভাৰতীয় জাতীয় দলটোৱে ফিল্ডিং কৰি আছে৷ ক্ৰিকেটৰ সাধাৰণ জ্ঞান থকা জনেও বুজি পাব কেনে পুতৌলগা প্ৰদৰ্শন হ’ব পাৰে তেনে দল এটাৰ৷
অনুৰূপ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে ভাৰতীয় বায়ুসেনাত৷ শত্ৰুপক্ষৰ সৈতে যুঁজিবলৈ দুৰ্বাৰ সাহস আৰু বুদ্ধিমত্তা আছে থিকেই, কিন্তু নাই পৰ্যাপ্ত আহিলা৷ ক্ৰিকেটৰ উপমাৰে এনেদৰে ভাৰতীয় বায়ুসেনাৰ দুৰৱস্থাৰ বিষয়টো দাঙি ধৰিলে এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধনোৱাই৷