নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰদৰ্শন কৰা চৰম অৱহেলাত ক্ষোভিত হৈ স্থানীয় ৰাইজে বিদ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰাত সৃষ্টি হয় এনে অনাকাংক্ষিত পৰিস্থিতি৷
প্ৰাপ্ত খবৰ মতে, বিদ্যালয়খনৰ নৱ-নিযুক্ত অধ্যক্ষজনৰ গাফিলতি আৰু শাসনৰ শিথিলতাৰ অচিলা লৈ বিগত কিছুদিনৰ পৰা বিদ্যালয়খনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে দায়িত্বৰ প্ৰতি পিঠি দি অহাৰ বিপৰীতে বিদ্যালয়লৈ সময় মতে নাহি একপ্ৰকাৰে বিভাগীয় নীতি-নিয়ম জলাঞ্জলী দি আহিছিল ৷