ডিজিটেল ডেস্কঃ আপুনি যদি ঈশ্বৰক পাব বিচাৰে তেন্তে এয়াই সুবৰ্ণ সুযোগ। এই সুযোগ গ’লে আৰু এবছৰলৈ ঘূৰি নাহে। ঈশ্বৰক সহজে ভিজিট কৰিব পৰা এই সুযোগৰ অন্তিম সময়সীমা হৈছে অহা ২৫জুন। চৰকাৰীভাৱে ঘোষণা কৰা হৈছে এই বিষয়ে। সেয়ে সন্দেহৰ কোনো অৱকাশেই নাই।
অৱশ্যে সৰ্বশক্তিমান ঈশ্বৰক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। ইয়াৰ বাবে লাগিব বিশেষ পাছ। এই পাছ আপুনি লাভ কৰিবলৈ কাকো উৎকোচ দিয়াৰ প্ৰয়োজন নাই। খুব বেছি কেতিয়াবা দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন হ’ব পাৰে। বছ কষ্ট ইমানখিনিয়েই। তাৰ পিছতে আপুনি সাক্ষাৎ লাভ কৰিব পৰমপিতা পৰমেশ্বৰৰ।