82
ডিজেটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হ’ব সামগ্ৰী আৰু সেৱা কৰ। জিএছটি কাৰ্যকৰ কৰাৰ আগেয়ে বিশেষ সংসদীয় বৈঠকৰো আয়োজন কৰা হ’ব। জম্মু-কাশ্মীৰত বাদে বাকী কেইখন ৰাজ্যই জিএছটিৰ বাবে প্ৰয়োজনীয় আইন-নিৰ্দেশনা জাৰী কৰি সাজু হৈছে।
আপুনি সাজু হওক। কিয়নো জিএছটিৰ প্ৰাকমূহুৰ্তত দুচকীয়াৰ পৰা আৰম্ভ কৰি আ-অলংকাৰলৈ চলিছে ৰেহায় মূল্যত বিক্ৰীৰ ঢৌ। কিহৰ দাম কমিব, কিহৰ দাম বাঢ়িব- সেয়া জানি লৈ আপুনি প্লেন কৰিব পাৰিব শ্বপিঙৰ।