55
তেজপুৰঃ যুদ্ধংদেহী তথা বুদ্ধিমত্তাৰ ক্ৰীড়া হিচাপে সুনাম আছে দবাৰ। তীক্ষ্ন মেধা সম্পন্ন লোকৰ খেল হিচাপে গণ্য কৰা হয় দবাক। ভাৰতত শুভাৰম্ভ হোৱা বুলি প্ৰবাদ থকা এই খেলে সম্প্ৰতি বিশ্বৰ এক আগশাৰীৰ খেল হিচাপে স্বীকৃতি লাভ কৰিছে।
সু-পৰিকল্পনাৰে অগ্ৰসৰ হৈ বিপৰীত পক্ষক ধৰাশায়ী কৰাৰ কৌশল আয়ত্ত কৰিবলৈ মানসিক কচৰৎ নিতান্তই প্ৰয়োজনীয়। দবাৰ ক্ৰমবৰ্দ্ধিত জনপ্ৰিয়তা মফচলীয় চহৰসমূহতো দেখিবলৈ পোৱা গৈছে।