ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে সপ্তম দৰমহা আয়োগে। বিশেষকৈ যিসকল কৰ্মচাৰী সপ্তম দৰমহা আয়োগৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে, তেওঁলোকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে আয়োগখনে।
এনডিটিভিত প্ৰকাশিত এক প্ৰতিবেদন মতে, হাউছ ৰেণ্ট এলাউঞ্চকে ধৰি সপ্তম দৰমহা আয়োগৰ অন্তৰ্ভুক্ত ভাট্টাসমূহ চলিত মাহতে নিৰ্ধাৰণ কৰা হ’ব। নেশ্যনেল জইণ্ট কমিশ্যন অৱ এক্সন চমুকৈ এনজিচিএৰ আহ্বায়ক শিৱ গোপাল মিশ্ৰাৰ ভাষ্য মতে ১৮ জুনত সপ্তম দৰমহা আয়োগৰ সিদ্ধান্তসমূহ চুড়ান্ত কৰা হ’ব পাৰে।