ফিল’বাৰীঃ সাৱধান ! প্ৰৱঞ্চক চক্ৰই বহু কোটি টকা দিয়াৰ সপোন দেখুৱাব বাৰে আপোনাক। সেই সপোনত মিছাতে ভোল নাযাব। মিছা সপোনত ভোল গলে আপোনাৰ পৰা লুটি নিৱ পাৰে সাঁচতীয়া ধন।যিমানেই দেশত ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰ ঘটিছে সিমানেই যেন ইয়াৰ সুযোগ লৈ গঢ়ি উঠিছে ন-ন প্ৰৱঞ্চক চক্ৰ।
এই চক্ৰটোৰ প্ৰৰোচনাৰ জালত ভৰি দিলেই আপুনি সৰ্বস্বান্ত হোৱাটো খাটাং। বিশেষকৈ এই প্ৰৱঞ্চক চক্ৰটোৱে এতিয়া সহজে টাৰ্গেট কৰি লৈছে অসমবাসীক। নিতৌ ন-ন কৌশল অৱলম্বন কৰি প্ৰৱঞ্চনাৰ জাল পতা এই চক্ৰটোত জড়িত হৈ আছে বহু উচ্চ শিক্ষিত পুৰুষ-মহিলা।