ডিজিটেল ডেস্কঃ ইউটিউবত ভাইৰেল ভিডিঅ সৃষ্টি কৰি লাইক-চাবচক্ৰাইব বোটলাৰ আশাত কৰিব বিচাৰিছিল ষ্টাণ্ট। তাকো দুঃসাহসিক।

দুয়োফালে কেমেৰা বহাই মনালিছা পেৰেজে বয়ফ্ৰণ্ড পেড্ৰ ৰুইজৰ বুকুলৈ নিক্ষেপ কৰিছিল গুলি। কিতাপ এখনেৰে আগুৰাৰ কথা আছিল ৰুইজে। কিন্তু সেয়াই যে নিজৰ প্ৰিয়জনৰ বাবে ঘাতক হৈ পৰিব সেয়া মনালিছাই ভবা নাছিল। 

দৰাচলতে ইউটিউবত শিহৰণকাৰী ভিডিঅ আপলোড কৰাৰ বাবে শ্বুটিং কৰিছিল দুয়োজনে। পেড্ৰৰ মতে কিতাপ এখনে বুলেটৰ আঘাত প্ৰতিহত কৰিব পাৰে। মনালিছা মান্তি হোৱা নাছিল যদিও আন এখন কিতাপত সেয়া প্ৰমাণ কৰি দেখুওৱাৰ পিছতে ৰাজী হৈছিল ১৯ বৰ্ষীয় মনালিছা। 

কথামতেই কাম। দুয়োফালে কেমেৰা লগাই দুয়ো সাজু হ’ল। বুকুত কিতাপ লৈ থিয় হ’ল পেড্ৰ। গুলি চলিল। কিন্তু সেয়া কিতাপখন পাৰ হৈ বুকু ভেদিলে পেড্ৰৰ। 

সোমবাৰে যুক্তৰাষ্ট্ৰৰ মিনয়েষ্টা এলেকাত এই ঘটনা ঘটাৰ পিছতেই আৰক্ষীলৈ ফোন কৰে মনালিছাই। এতিয়া আৰক্ষীৰ জিম্মাত আছে ৭ মহীয়া অন্তসত্বা মনালিছা।