গুৱাহাটীঃ কোৰিয়া বিদেশ মন্ত্ৰণালয়ৰ অধীনৰ কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰ, দিল্লীৰ উদ্যোগত আৰু গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক গোষ্ঠী ‘ভাৱৰীয়া’ ৰ সৌজন্যত অহা ৩০ জুনত অনুষ্ঠিত হ’ব কে-পপ ইণ্ডিয়া ২০১৭ (K-Pop India 2017)ৰ এক বিশেষ মেগা শ্ৱ’। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি গুৱাহাটীৰ কে-পপ ইণ্ডিয়াৰ অনুৰাগীৰ বিশেষ সুবিধাৰ্থে মাছখোৱা সাংস্কৃতিক প্ৰকল্পত সেইদিনা সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত দক্ষিণ কোৰিয়ান মিউজিকেল বয় ব্ৰেণ্ড লুচেণ্টে (LUCENTE) সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ইয়াকে লৈ উৎসাহিত হৈ পৰিছে অনুৰাগীসকল।
উল্লেখ্য যে ষষ্ঠবাৰৰ বাবে কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰই আয়োজন কৰা কে-পপ ইণ্ডিয়া ২০১৭ অনুষ্ঠানৰ মেগা শ্ৱ’ দেশৰ মুঠ ১১খন চহৰৰ ভিতৰত উত্তৰ পূবাঞ্চলৰ গুৱাহাটী, নাগালেণ্ড, আৰু মিজোৰামত অনুষ্ঠিত হ’ব। গুৰুত্বপূৰ্ণ যে দক্ষিণ কোৰিয়াত কে-পপ এক অন্যতম ব্যাপক জনপ্ৰিয় সংগীত-কলা হিচাপে পৰিগণিত হৈছে। কোৰিয়ান পৰম্পৰাগত নৃত্য আৰু সংগীতক আধুনিক ভাৱে উপস্থাপন কৰি ইয়াক প্ৰসাৰ-প্ৰচাৰ হেতুকে কোৰিয়ান সকলে কোৰিয়াৰ নৃত্যশৈলিক আৰু স্থানীয়সংগীত শৈলিক নতুনত্ব প্ৰদানৰ বাবে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে।