60
লালুকঃ গাভৰু নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানত বুৰিল লালুকৰ বহু অঞ্চল৷ শুক্ৰবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত লালুকৰ গাভৰু নৈৰ উপৰিও পাভ, পইতা, যদুমণি, বগলী, ঢেকিয়াজুলি নৈ পানী বাঢ়ি বিভিন্ন অঞ্চল বুৰাই পেলাইছে৷
আজিৰ বাঢ়নি পানীয়ে কৃষক ৰাইজে অতি কষ্টৰে ৰূপিত কৰা ৰোৱনী পথাৰ সমুহ বুৰাই পেলোৱাৰ লগতে বহু স্থানত বালিৰে পুতি পেলাইছে৷