77
মুকালমুৱাঃ ছয় মাহিলী পৰীক্ষা দিবলৈ গৈ ঘূৰি নাহিল এগৰাকী ছাত্ৰী। মুকালমুৱা থানাৰ অন্তৰ্গত বৰঢাপ খালিহাপাৰা গাঁৱৰ আব্দুৰ ৰহিম নামৰ লোক জনৰ নৱম শ্ৰেণীত অধ্যয়নৰত কন্যা ৰহিমা বেগম ২২ জুনত ৰাতিপুৱা ছয় মাহিলি পৰীক্ষা দিবলৈ বুলি বিদ্যালয়লৈ ওলাই আহিছিল। সিদিনাৰ পৰাই ৰহিমা নিৰুদ্দেশ হৈ আছে।
চৈধ্য বছৰীয়া নাবালিকা ছাত্ৰীগৰাকীক দুষ্ট চক্ৰই অপহৰণ কৰি নি বহি ৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।