85
বাঘবৰঃ বান্দৰৰ ভয়ত মানুহ নোলায় ঘৰৰ পৰা ৷ নিশাটো দূৰৈৰ কথা, দিনতে ঘৰৰ ভিতৰত থাকিবলগীয়া হৈছে মানুহ৷ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পথাৰৰ লোকসকল এতিয়া বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে৷
সেউৰাভিটা, শিলোচা আদি গাঁৱত প্ৰায় বিশ দিন ধৰি বান্দৰৰ জাকে ৰাইজক সমস্যাত পেলাই আহিছে। জানিব পৰা মতে, অঞ্চলটোৰ গছ-গছনিত বাস কৰিবলৈ লোৱা বান্দৰৰ জাকে ৰান্ধনি ঘৰত সোমাই ভাত-আঞ্জা খাই বয়-বস্তু তহিলং কৰাৰ লগতে খেতিপথাৰৰো ব্যাপক অনিষ্ট কৰিছে৷