পাঞ্জাবাৰীঃ পৱিত্ৰ শাওণৰ মাহত ব’ল বম উৎসৱৰ অচিলা লৈ এতিয়া ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বশিষ্ঠ গংগা সেৱা সমিতি। বছৰ বছৰ ধৰি ভক্তক ডাক ব’ম দিয়াৰ নামত শৰাধ কৰি আহিছে লাখ লাখ টকা। আজি এক সংবাদমেলযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে বশিষ্ঠাশ্ৰম পৰিচালনা সমিতিয়ে।
দীৰ্ঘদীন ধৰি বশিষ্ঠ গংগা সেৱা সমিতিয়ে ব’ল বমৰ নামত ভক্তক ভিআইপি সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ১০০ৰ পৰা ৩০০ টকা পৰ্যন্ত লৈ ডাক ব’ম যোগান ধৰাৰ নামত সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ টকা ।বিগত ৩০-৪০ বছৰ ধৰি সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ আজিকোপতি নাই কোনো ৰাজহুৱা হিচাপ ।