88
কোকিলাঃ ব্ৰইলাৰক মানুহৰ মৃতদেহ বুলি ভবাৰ ফলত আজি বঙাইগাঁও জিলাৰ মাণিকপুৰত মহা পয়মালে দেখা দিয়ে৷ জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ পৰা কিছু নিলগৰ পাতিলাদহা তিনি আলিত পুৱাৰ ভাগত একাংশ লোকে পথৰ দাতিত জংঘলত দুটি মুখবন্ধা বস্তা পৰি থকা প্ৰত্যক্ষ কৰে৷
বস্তা দুটাৰ পৰা দুৰ্গন্ধ ওলাই থকাত একাংশ লোকে মৃতদেহ থকা বুলি প্ৰচাৰ কৰাত বহুলোকৰ সমাগম হ’বলৈ ধৰে৷ কৌতূহলী একাংশ লোকে আৰক্ষীক খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷