ঢেকীয়াজুলিঃ বৰছলা বিধান সভা সমষ্টিত বিজেপি, কংগ্ৰেছ এৰি দুৰ্দিন সত্বেও অগপলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় দল দুটাৰ বহু নেতা-কৰ্মী৷ এই অনুযায়ী অগপৰ বৰছলা বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত পশ্চিম বৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আজি এখন সাধাৰণ সভা আনুষ্ঠিত হয়৷
উক্ত সাধাৰণ সভাত বৰছলা সমষ্টিৰ বহু বিজেপি-কংগ্ৰেছ নেতাই অগপত যোগদান কৰে৷ সভাত উপস্থিত থাকি তেজপুৰ জিলা অগপৰ উপ-সভাপতি তথা দলটোৰ জ্যেষ্ঠ নেতা ৰাতুল নাথে অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশৰ পথ অগপই হে মুকলি কৰিব পাৰিব বুলি কয়৷