ডিজিটেল ডেস্কঃ জিএছটিৰ ফলতে দাম কমিছে বহু বিলাসী বাহনৰ।
জিএছটিৰ ফলত মাৰুটি চুজুকিয়ে প্ৰতিষ্ঠানটোৰ সকলো বাহনৰ মুল্য ৩% হ্ৰাস কৰিছে৷ এল্টোৰ মুল্য ২,৩০০ৰ পৰা ৫,৪০০ পৰ্যন্ত হ্ৰাস কৰিছে প্ৰতিষ্ঠানটোৱে৷ ৱাগনআৰৰ মুল্য ৫৩০০ৰ পৰা ৮,৩০০ আৰু চুইফটৰ মুল্য ৬,৭০০ৰ পৰা ১০,৭০০ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷

আনহাতে হোণ্ডাই সৰ্বাধিক ১ লাখলৈ হ্ৰাস কৰিছে বাহনসমুহৰ মুল্য। হোণ্ডাৰ ব্ৰাইওৰ মুল্য ১২,২৭৯ টকালৈ আৰু এমেজৰ মুল্য ১৪ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ হোণ্ডাৰ জনপ্ৰিয় চিডান চিটিৰ মুল্য নুন্যতম ১৬ হাজাৰ পৰা সৰ্বাধিক ২৮হাজাৰ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷