58
গোৰেশ্বৰঃ বিটিএডিত বিভিন্ন অখ্যাত সংগঠনৰ নামত অব্যাহত আছে ধনদাবী। এনে সংগঠনৰ নামত ধনদাবী- অপহৰণ আদি ঘটনাত জড়িত হৈ পৰিছে একাংশ যুবক।
বাগসা জিলাৰ গোৰেশ্বৰত এনে দুই যুবক বুধবাৰে আৰক্ষীৰ জালত পৰে। গোৰেশ্বৰ থানা অন্তৰ্গত টঙাবাৰী গাওঁত বুধবাৰে গোৰেশ্বৰ আৰক্ষী আৰু ২১ মাহাৰ ৰেজিমেন্টৰ সেনাই অভিযান চলাই আটক কৰে দুই যুবকক।