গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ এটি অগ্ৰণী সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰীৰ ১২ বছৰ সম্পূৰ্ণ হয়। সেই উপলক্ষে কালি ৫ জুলাইত গোৰেশ্বৰত অনুষ্ঠিত কৰা হয় ষষ্ঠ দ্বি- বাৰ্ষিক অধিৱেশন আৰু দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস।
দিৱসৰ লগত সংগতি ৰাখি গোৰেশ্বৰ প্ৰেছ ক্লাৱ ভৱনত অনুষ্ঠিত হয় এখন কবি মেল। কবিমেলত উপস্থিত থাকে যুব প্ৰজন্মৰ অতিকে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু প্ৰকৃতিবিদ-চৰাই পৰ্যবেক্ষক দেবাংগ মহলীয়া। কবিমেল সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰবক্তা, কবি সাহিত্যিক তথা কস্তুৰীৰ প্ৰাক্তন সভাপতি অজিত তালুকদাৰে।