59
ডিজিটেল ডেস্কঃ ক্ৰিকেটত ভাৰতৰ সুনাম আছে। আইচিচিৰ ৰেংকিঙত ভাৰত এতিয়াও টেষ্টত প্ৰথম, ওডিআইত তৃতীয় আৰু টি-২০ ত চতুৰ্থ স্থান দখলেৰে স্থিতি সুদৃঢ় কৰি ৰখাৰ সময়তে এইবাৰ আন্তৰাষ্ট্ৰীয় ফুটবলতো ভাল দিন আহিছে ভাৰতৰ।
ফিফা ৰেংকিঙত প্ৰায় দুটা দশকৰ মুৰত ৯৬ স্থানলৈ উন্নীত হৈছে ভাৰত। শেহতীয়া দুটা বছৰত ৭৭ টা স্থান অতিক্ৰম কৰি আগুৱাবলৈ সক্ষম হৈছে ভাৰত। ১৯৯৬ চনত ভাৰতে দখল কৰিছিল ৯৬ স্থান।