52
গোগামুখঃ বানপানীৰ বাবে বন্যপ্ৰাণীৰ আবাসভূমি জলমগ্ন হোৱাত জীৱকূলৰ আলাই-আথানি হোৱাৰ সময়তে হাতী এটাৰ কৰুণ মৃত্যু সংঘটিত হৈছে।
বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত নামনিমুৱা এখন ৰেলৰ খুন্দাত এটা হাতীৰ কৰুণ মৃত্যু ঘটে। ৰেল লাইন পাৰ হ’বলৈ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়। হাতীটোৰ প্ৰায় ২২ বছৰীয়া বুলি বনবিভাগে জনাইছে।