বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থানখনিত স্থাপিত শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ অদুৰদৰ্শিতাৰ বাবেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শ শ তীৰ্থযাত্ৰীয়ে কৃত্ৰিম বানৰ সমুখীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
থানৰ জাপি বাট চ’ৰায়েদি থানত প্ৰৱেশ কৰিবপৰাকৈ পথৰ চিন-মোকাম নাইকিয়া হৈছে৷ পৰিচালনা সমিতিৰ পৰিকল্পনাহীন কৰ্মৰ বাবেই বৰষুণৰ পানী আবদ্ধ সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ প্ৰৱেশদ্বাৰা বৰ্তমান সম্পূৰ্ণ ৰূপে বন্ধ কৰি পেলাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ বাৰিষা অহাৰ পূৰ্বেই পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত ধৈৰ্যৰ বান্ধ ছিগিছে ভক্তৰ।