ডিজিটেল ডেস্কঃ যিকোনো মুহুৰ্তত ভাৰত অধিকৃত কাশ্মীৰ দখলৰ কৰিব পাৰে চীনা সৈন্যৰ৷ যদি ভাৰতীয় সৈন্যয়ো ডোকলামলৈ যাব পাৰে তেন্তে চীনৰ সৈন্যইও কাশ্মীৰত ভৰি থব পাৰে৷ এই দাবী চীনৰ ওৱেষ্ট নৰমাল বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ ইণ্ডিয়ান ষ্টাডিছৰ অধিকৰ্তা লং জিঙচামে৷
এটা লেখনিত অধিকৰ্তাগৰাকীয়ে কয় যে যি যুক্তিত ভাৰতীয় সেনাই ছিকিম,ভুটান,আৰু তীব্বতৰ মধ্যবৰ্তী ডোকলাম অঞ্চল প্ৰৱেশ কৰিছে সেই একেটা যুক্তিতে ভাৰত অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰিব পাৰে চীনে৷ জানিব পৰা মতে এই ডোকলামত পথ নিৰ্মান কৰিব বিচাৰিছে চীনে৷