গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু আমগুৰি বিধানসভা সমষ্টিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাই৷ জিলাখনৰ বানত বুৰ যোৱা গৌৰীসাগৰ উন্নয়নখণ্ডৰ অন্তৰ্গত জকাইচুক, ম’ৰাবজাৰ, চাৰিং, হাতীঘূলি, মোমাই তামুলী আদি অঞ্চলসমূহ পৰিৰ্দশন কৰি মঙলবাৰে বানাক্ৰান্ত অঞ্চলৰ বুজ লয় দুয়োগৰাকী জনপ্ৰতিনিধিয়ে৷
বানত গৌৰীসাগৰৰ প্রায় ১৬৯০ হেক্টৰ ভূমি পানীত ডুব যোৱাৰ লগতে ১০০ হেক্টৰৰো অধিক কৃষি ভূমিৰ ক্ষতি হৈছে বুলি জিলা প্রশাসনে জানিবলৈ দিয়ে৷ বান বিধ্বস্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈ সাংসদ তাছাই চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা পুঁজিৰে শীঘ্ৰে সকলোৰে অভাৱ পূৰণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে৷