61
শিমলুগুৰিঃ বান ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবীত আজি নাজিৰা ব্লক কংগ্ৰেছে নাজিৰা ৰাজহচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে।
নাজিৰা আঁঠখেল মৌজাৰ মৰাণ গাঁও, বৰাহী গাঁও, দোলাকাষৰীয়া, দেওপানী, সাতচৈ গ্ৰাণ্টৰ লগতে জোকতলি মৌজাৰ আমকটিয়া, বৰাখোৱা, কেটেকীবাৰী, আঠাবাৰী, জতকীয়া, মাদুৰী আদি অঞ্চল আৰু ধোপাবৰ মৌজাৰ বহু গাঁও বানত ককবকাই থকাৰ পাছতো চৰকাৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।