গুৱাহাটীঃ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে বান পীড়িতক সাহায্য প্ৰদানৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি মহিলাই মহানগৰীত বান সাহায্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
মহানগৰীৰ দীঘলীপুখুৰীত আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি বান সাহায্য দিয়াত চৰকাৰ সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷ হাতে হাতে প্লেকাৰ্ড লৈ মহিলাসকলে ৰাজ্য চৰকাৰ হায় হায়, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰক, বানপীড়িতক বিনামূলীয়া ঔষধ যোগান ধৰক, বান ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।