গোৰেশ্বৰঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ ফলাফল প্ৰদৰ্শন কৰা ৩১ খন হাইস্কুলৰ প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰীয়ে ছেবাৰ কাৰ্যালয়লৈ মাতি নি অপমান কৰাৰ কাৰ্য্যকত ৰাজ্য জুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এইবাৰ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই প্ৰাদেশিকীকৰণ আন্দোলন কাৰ্যসূচীত ভাগ লৈ চৰকাৰক গালি দি অহাৰ প্ৰতিশোধস্বৰূপে শিক্ষকক অপমান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ঐক্যমঞ্চৰ সহঃ সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিযোগে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া যিহেতু বিভাগীয় নীতি-নিয়মৰ মাজেৰে সম্পন্ন কৰিছিল চৰকাৰে, তেনেস্থলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ দোষ অকল আন্দোলন কাৰ্যসূচীত ভাগ লৈ চৰকাৰক গালি দিয়াটোৱে আছিল নেকি বুলি শিক্ষামন্ত্ৰীক উভতি ধৰে৷ এখন বিদ্যালয়ে স্বীকৃতি পোৱাৰ তিনি বছৰৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব লাগে যদিও চৰকাৰে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া এৰাই চলাৰ বাবেহে শিক্ষক-কৰ্মচাৰীসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছিল।