বালিপৰাঃ কোনোৱে যদি পথাৰত হাল বাইছে, আন কোনোৱে জ্যেষ্ঠ মন্ত্ৰীৰ খতিয়ান সভাত বহি আনক কৰা অপমানৰ দৃশ্য চাই হাহি হাহি থৰ লাগিছে৷ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে পথাৰত হাল বাই চমক সৃষ্টি কৰাৰ পাছত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি মথাউৰি বান্ধিলে৷ বিধায়ক গৰাকীয়ে নিজে হাতত বাহ লৈ ৰাইজৰ সৈতে মথাউৰিটো বন্ধাত সহায় কৰে।
ৰাজ্যখনৰ একাংশ বিধায়কে নিজ সমষ্টিত কাম নকৰে বুলি বদনাম আৰ্জনৰ সময়তে চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে মথাউৰি নিৰ্মাণ কামত হাত দি কাম কৰা বিধায়ক বুলি প্ৰমাণ কৰে।