103
তেজপুৰঃ দেওবাৰে তেজপুৰৰ টেঙাবস্তিত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন কলেজীয়া ছাত্ৰৰ৷ উৰিয়ামগুৰিৰ নুৰুল ইছলাম আৰু মনোৱাৰা বেগমৰ পুত্ৰ মুজাহিদ্দুল ইছলামে দেওবাৰে বিয়লিৰ ভাগত সমনীয়াৰে জীয়াভৰলী নৈত গা ধুবলৈ লওতে পিছলি পৰি সন্ধানহীন হয়৷
পিছত স্থানীয় লোকৰ সহযোগত এছডিআৰএফৰ দলে জীয়াভৰলী নৈত অভিযান চলাই আজি পুৱা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷