Home অন্যান্য খবৰহোজাইত সফলতাৰ মন্ত্ৰ বিলালে ৰামানুজনৰ অধ্যক্ষই

হোজাইত সফলতাৰ মন্ত্ৰ বিলালে ৰামানুজনৰ অধ্যক্ষই

by News Desk
A+A-
Reset
1cb31f33-3eb7-44be-b695-67030c4d6b0f

মোৰাঝাৰঃ বিদ্যায়তনিক দিশত হোজাইৰ আৰু এখোজ দিছে৷ কাৰণ হোজাইৰ এখন খ্যতনামা শিক্ষানুষ্ঠান মৰ্কজ একাডেমীৰ উচ্চতৰ মাধ্যমিক শাখাৰ শুভ উদ্বোধন কাৰ্য সম্পন্ন কৰাৰ লগতে স্কুলখনৰ পৰা ২০১৭ বৰ্ষত সুখ্যাতিৰে মেট্টিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এই উপলক্ষে আয়োজিত হয় এক গাম্ভীৰ্যপুৰ্ণ সভা য’ত সভাপতিত্ব কৰে মৰ্কজুল মা’আৰিফৰ উপসভাপতি অধ্যাপক ৰশীদ আহমদ চাহাবে৷ 

১৯৯৪ চনত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফে হোজাই চহৰৰ দুৱাৰমুখত স্থাপন কৰা মৰ্কজ একাডেমী হাইস্কুলত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ ব্যাপক হৰ্ষোল্লাসৰ মাজেদি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুৱাৰ মুকলি ক্ৰমে তিনিগৰাকী বিশিষ্ট ব্যক্তি যথাক্ৰমে হোজাই জিলাৰ উপায়ুক্ত ডা: এছ লক্ষণন, জিলা আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জী আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ প্ৰফেছাৰ দিলীপ কুমাৰ বৰাই৷ চলিত বৰ্ষত কলা শাখা আৰম্ভ কৰা বিদ্যালয়খনত পৰৱৰ্তী সময়ত বিজ্ঞান আৰু বাণিজ্য শাখাও মুকলি কৰিব বুলি আশা ব্যক্ত কৰে উদ্যোক্তাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0