70
ডিজিটেল ডেস্কঃ অচল বুলি ঘোষণা কৰা পুৰণি পাঁচশ টকীয়া আৰু এহাজাৰ টকীয়া নোট জমা দিয়াৰ বাবে অধিক সময় দিয়াত সংকোচবোধ কৰিছে কেন্দ্ৰ চৰকাৰে।
সোমবাৰে এই কথা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আগত কয় কেন্দ্ৰ চৰকাৰে। বিগত বৰ্ষৰ ৮ নৱেম্বৰত অচল নিষিদ্ধ ঘোষিত নোটবোৰ এতিয়াও জমা দিয়াৰ ব্যৱস্থা বাহাল ৰখাৰ নিৰ্দেশে দৰাচলতে ঐতিহাসিক পদক্ষেপটোৰ মূল উদ্দেশ্যত উপনীত হোৱাত বাধা দিছে- এই বুলি কয় মোদী চৰকাৰে।