69
গোৱালপাৰাঃ গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ উপদ্ৰৱত ব্যাপক সমস্যাত পৰিছে গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তৰ লোক৷
বিগত সময়ছোৱাত বন্যহস্তীয়ে জিলাখনৰ বিভিন্ন ঠাইত উপদ্ৰৱ চলাই মানুহৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খেতি পথাৰৰ অনিষ্ট কৰে৷ বন্যহস্তীৰ আক্ৰমণত কেইবাগৰাকী লোক নিহত হৈছে ৷