45
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা আজি দিনৰ দুপৰীয়া ১১ বজাৰ পৰা আৰম্ভ হ’ব। ১৭ জুলাইত প্ৰায় ৯৯ শতাংশ বিধায়ক-সাংসদে ভোটদান কৰা এই নিৰ্বাচনত আজি ভাগ্যনিৰ্ণয় হ’ব ৰাষ্ট্ৰীয় গণতান্ত্ৰীক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰামনাথ কোবিন্দ আৰু বিৰোধী দলৰ প্ৰাৰ্থী মীৰা কুমাৰৰ।
ইয়াতে প্ৰায় ৭০ শতাংশ ভোট কোবিন্দে লাভ কৰাটো নিশ্চিত হৈ পৰিছে। আবেলি ৫ বজাত ফলাফল ঘোষিত হ’ব। ৰিটাৰ্নিং বিষয়া অনুপ মিশ্ৰাৰ তত্বাবধানত ভোটগণনা চলিব।