ডিজিটেল ডেস্কঃ ভালপোৱাৰ বিৰুদ্ধাচৰণ কৰিছিল পৰিয়ালে। সেয়ে ধৰ্ম পৰিৱৰ্তন কৰি পছন্দৰ মুছলিম গাভৰুৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল। কিন্তু ধৰ্মান্তকৰণৰ প্ৰায় ২৪ বছৰ পিছত পুনৰ নিজৰ ধৰ্মলৈ উভতি আহে তেওঁ। ‘ঘৰ ৱাপচী’ৰ এই কাহিনী কৰ্ণাটকৰ মহীশূৰৰ শেষাদ্ৰী নামৰ লোকজনৰ।
ব্ৰাহ্মণৰ ঘৰত জন্ম গ্ৰহণ কৰা শেষাদ্ৰীয়ে নিচেই সৰুতে পিতৃ-মাতৃক হেৰুৱায়। দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা শেষাদ্ৰীৰ বন্ধুত্ব গঢ়ি উঠে এজন ট্ৰাক চালকৰ সৈতে। বন্ধুৰ সহায়তেই তেওঁৰ পৰিচয় ঘটে ফামিদাৰ সৈতে। ধৰ্মৰ পৰিধি ভাঙি ইছলাম ধৰ্মাৱলম্বী যুৱতীগৰাকীৰ সৈতে শেষাদ্ৰীৰ গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পিছে এই প্ৰেমত বাধা হৈ থিয় দিয়ে সমাজ আৰু ধৰ্ম।