চৰাইদেউঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে সোমবাৰে ৰাজপথত ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগ চলোৱাত সম্পূৰ্ণ বিফল বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্তৰ প্ৰতিকৃতি দাহ কৰে৷
চৰাইদেউ জিলাৰ সদৰ সাপেখাতীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ ব্যক্ত কৰে। অসমৰ স্বাস্থ্য বিভাগত ব্যাপক অনিয়ম চলি থকাৰ লগতে অতি নিম্নমানৰ দৰৱ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷