চৰাইদেউঃ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডী দখল কৰা অগপ, বিজেপি, বিপিএফ মিত্ৰৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে সোমবাৰে চৰাইদেউ জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত চফ্ৰাই আঞ্চলিক সমিতিয়ে ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চফ্ৰাই অঞ্চলৰ বাট-পথ উন্নয়ণৰ লগতে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰে উন্নয়ণৰ পৰিবৰ্তে বাক যুদ্ধত ব্যস্ত হৈ থকা অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ গ্ৰাম্য অঞ্চলত একো কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ চফ্ৰাই চাৰিআলিত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ নেতা-কৰ্মীয়ে। পশু চিকিৎসাকেন্দ্ৰ নিৰ্মাণ, দিচাং নৈৰ গৰাখহনীয়া ৰোধ কৰা, অভয়পুৰ বনাঞ্চল সংৰক্ষণ কৰা, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উন্নয়নৰ লগতে গ্ৰাম্য অঞ্চলৰ সমূহৰ বাট-পথ উন্নয়ণৰ দাবীত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচী ৰুপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।