newsnextone.com | গুৱাহাটীঃ আকৌ এবাৰ ৰাজধানী মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা৷ বুধবাৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে গণ সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে৷
সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসৰ পৰা ৰাজ ভৱনলৈ উলিওৱা প্ৰতিবাদী সমদলত কেইবাশতাধিক লোকে অংশ লয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত উলিওৱা সমদলত ৰাজ্যৰ বহু সচেতন নাগৰিক, বুদ্ধিজীৱী, ছাত্ৰ নেতা, ব্যৱসায়ী আদিয়ে অংশ লয়৷