newsnextone.com | গুৱাহাটী/বিহালী/তেজপুৰ/লংকাঃ বুধবাৰে কোনোবা কংগ্ৰেছীয়ে যদি উঠিল গৰু গাড়ীত আন কোনোৱে উঠিল ঘোঁৰাৰ গাড়ীত৷ কোনোৱে চলালে চাইকেল৷ ৰাজপথত বিভিন্ন কৰণে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী কংগ্ৰেছে৷ বিশ্বনাথত গৰুৰ গাড়ীত উঠি মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত ‘বিশ্বাসঘাটকতা’ দিৱসত অংশ লৈ ৰিপুণ বৰাই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ১৮২টা প্ৰতিশ্ৰুতি দিছিল যদিও এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে বৰাই৷
উজনি-নামনিৰ বিভিন্ন জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ জিলা সদৰসমূহত কংগ্ৰেছীয়ে একত্ৰিত হৈ মূল্য বৃদ্ধিৰ প্ৰতিবাদ জনায়৷ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰি কংগ্ৰেছীয়ে চৰাকৰে নিৰ্বাচনৰ পূৰ্বে দিয়া কোনো প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি কয়৷ বিজেপি চৰকাৰ দৰিদ্ৰ বিৰোধী চৰাকৰ আখ্যা দিয়ে কংগ্ৰেছে৷