নগাঁওঃ বিশিষ্ট অভিনেতা জ্ঞানদা বৰাৰ দেহাৱসান। নগাঁৱৰ জি ডি নাৰ্ছিং হোমত দেওবাৰে পুৱা ৫.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ শিল্পীগৰাকীয়ে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জ্ঞানদা বৰাৰ আজি মৃত্যু ঘটে জি ডি নাৰ্ছিং হোমত। মৃত্যুৰ সময়ত প্ৰবীণ শিল্পীগৰাকীৰ বয়স আছিল ৮৫ বছৰ।