চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাঁতি দ’লে লখিমপুৰ জিলাৰ বানা বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি দূৰ্গত ৰাইজৰ দূৰ্দশাৰ বুজ লয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটি ২০ জনীয়া সজাঁতি দলে বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।
পৰিষদৰ সজাঁতী দলটোৱে লখিমপুৰ জিলাৰ আমতলা পাথৈচুক, জৈনপুৰ আদি গাঁৱৰ প্ৰায় ১০০০ টা পৰিয়ালৰ মাজত এই সাহাৰ্য্য সামগ্ৰী সমূহ বিতৰণ কৰে। এক বিবৃতি যোগে পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে যি সময়ত ৰঙানদীত নীপকোৱে বান্ধৰ পানী এৰি দিয়াত সমগ্র ধেমাজি, লখিমপুৰ বুৰাই পেলাইছে তেনেসময়তে নীপকোতকৈ চাৰিগুণ অধিক ক্ষমতা সম্পন্ন সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ কৰিলে নামনি অসমৰ ৰাইজৰ কি দূৰ্দশা হব সেয়া সহজে অনুমেয় বুলি কয়।