চাবুৱাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ উদ্যোগত দেওবাৰে শংকৰোত্তৰ যুগৰ অন্যতম সমাজ সংস্কাৰক, মহাপুৰুষ বিশ্ববিদ্যালয়ৰ বুৰঞ্জীত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ ৪৬৪ সংখ্যক জন্মজয়ন্তী পালন কৰা হয়।
বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা আৰু বিশিষ্ট ঔপন্যাসিক ডঃ কৰবী ডেকা হাজৰিকাই বন্তি প্ৰজ্বলন কৰে। এক চমু ভাষণত মায়ামৰা সংস্কৃতিৰ বিষয়ে বক্তব্য আগবঢ়াই কয় যে এক সুকীয়া আৰু স্বকীয়তা বৈশিষ্ট্য সন্দৰ্ভত আৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ সম্পৰ্কে আলোকপাত কৰে।