Home ৰাজ্যএপিএছচি কেলেংকাৰীত নিলম্বিত ৰাজপত্ৰিত বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এপিএছচি কেলেংকাৰীত নিলম্বিত ৰাজপত্ৰিত বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

দুৰ্ভাগ্যজনক আখ্যা দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

by News Next One
A+A-
Reset

গুৱাহাটীঃ ফুটুকাৰ ফেনত পৰিণত হ’ল অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ দীৰ্ঘদিনীয়া তদন্ত আৰু কেলেংকাৰীৰ দাবী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুকুৰবাৰৰ এক ৰায়ে ৰাজ্যৰ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। উচ্চ ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠে ২০১৩-১৪ চনৰ বিতৰ্কিত এপিএছচি নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত ৪৯ জন এপিএছ আৰু এচিএছ বিষয়াসহ ৫২ জন অভিযুক্তক পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়ে।

ৰাজ্য চৰকাৰক এই নিৰ্দেশ জাৰি কৰি আদালতে কয় যে বিভাগীয় তদন্ত অবিহনে এই ৰাজপত্ৰিত বিষয়াসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত অবৈধ আৰু বাতিলযোগ্য। উল্লেখ্য যে এই কেলেংকাৰিৰ তদন্ত ২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নৱকান্ত পাটিৰৰ স্বীকাৰোক্তি আৰু চিকিৎসক অংশুমিতা গগৈৰ বক্তব্যৰ ভিত্তিত আৰম্ভ হৈছিল।

অভিযুক্তসকলে বাৰে বাৰে নিজৰ নিৰ্দোষতাৰ দাবী উত্থাপন কৰিলেও প্ৰাথমিকভাৱে উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে তেওঁলোকৰ আবেদন নাকচ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দ্বৈত বিচাৰপীঠৰ শুনানিত ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াৰ দুৰ্বলতা আৰু সিদ্ধান্তৰ ত্ৰুটি উদঙাই দিয়া হয়। আদালতে স্পষ্ট কৰে যে চৰকাৰে সঠিক তদন্তৰ নথি আদালতৰ সন্মুখত দাখিল কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত বিভাগীয় প্ৰক্ৰিয়া অবিহনে চাকৰিৰ পৰা বৰ্খাস্তৰ সিদ্ধান্তৰ বৈধতা সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে।

ইফালে, উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত শনিবাৰে সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰায়ক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰি কয় যে ই চৰকাৰৰ স্থিতিক বিঘ্নিত কৰিছে। লগতে আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে দুৰ্নীতিৰ সৈতে জড়িত কোনো ব্যক্তিয়ে যাতে পুনৰ নিযুক্তি লাভ নকৰে, তাৰ বাবে আইনী যুঁজ অব্যাহত ৰাখিব চৰকাৰে।

আনহাতে, আদালতৰ নিৰ্দেশ অনুসৰি অভিযুক্তসকলক পুনৰ নিযুক্তি দিয়া হ’লেও তেওঁলোকৰ বকেয়া দৰমহা বা অন্যান্য সুবিধা প্ৰদান কৰা নহ’ব। চৰকাৰে ইচ্ছা কৰিলে তেওঁলোকৰ নিযুক্তি স্থগিত ৰাখিব পাৰে আৰু বিভাগীয় তদন্ত বা অপৰাধমূলক কাৰ্যব্যৱস্থাত কোনো বাধা নাথাকিব। কিন্তু অসম আৰক্ষীত নিযুক্ত হৈ পৰীক্ষামূলক সময়সীমা সম্পূৰ্ণ নকৰা বিষয়াসকলে এই ৰায়ৰ সুবিধা লাভ নকৰিব।

উল্লেখ্য যে এই কেলেংকাৰিৰ পটভূমি পৰ্যালোচনা কৰিলে দেখা যায় যে ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত এপিএছচিৰ দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী অভিযান ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ তৎকালীন এছপি সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত একাধিক গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা বৰ্খাস্তৰ ঘটনা সংঘটিত হয়। প্ৰয়াত মৃগেন শইকীয়াৰ মাধ্যমেৰে এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি বিক্ৰীৰ অভিযোগ উত্থাপন হয়।

তদন্তত গুৱাহাটীৰ বিভিন্ন স্থানত পাছবুক তৈয়াৰ, মহিলা সৰবৰাহ আৰু প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহে। বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত ন্যায়িক আয়োগে এই দুৰ্নীতিৰ গভীৰ তথ্য উদঘাটন কৰি বহু ৰাজনীতিবিদৰ নাম উল্লেখ কৰে। আয়োগৰ প্ৰতিবেদন অনুসৰি, ৰাকেশ পালে তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল আৰু গগৈ পৰিয়ালৰ অনুষ্ঠানৰ বাবে ব্যয়বহুল উপহাৰো প্ৰেৰণ কৰিছিল।

বিজেপি চৰকাৰে দাবী কৰিছিল যে এই কেলেংকাৰিৰ বিৰুদ্ধে অভিযান ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম বৃহৎ ‘শুদ্ধিকৰণ’ প্ৰচেষ্টা। ‘দুৰ্নীতিগ্ৰস্তক কোনো ৰেহাই নাই’— এই শ্ল’গানৰ সৈতে পোষ্টাৰ আৰু বিবৃতিৰে জনমত গঢ়াৰ প্ৰয়াস চলায় বিজেপিয়ে। কিন্তু উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে এই দাবীৰ বিশ্বাসযোগ্যতাক প্ৰশ্নৰ সন্মুখীন কৰিছে।

বিজেপিৰ ‘দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ’ৰ প্ৰচাৰ যেন এতিয়া দুৰ্বল হৈ পৰিছে। আদালতৰ এই ৰায়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ জন্ম দিছে- চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া কি সঁচাকৈয়ে শক্তিশালী ভিত্তিৰ ওপৰত নিৰ্মিত আছিল নে এই সমগ্ৰ ঘটনা কেৱল ৰাজনৈতিক অপপ্ৰচাৰৰ অংশ আছিল? জনমানসত এতিয়া কৌতূহলৰ সৃষ্টি হৈছে- যদি আদালতে দুৰ্বল তদন্তৰ ভিত্তিত অভিযুক্তসকলক সমৰ্থন কৰে, তেন্তে ভৱিষ্যতে অন্য দুৰ্নীতিৰ গোচৰত চৰকাৰৰ স্থিতি কিমান শক্তিশালী হ’ব?

যদিও শাসকীয় পক্ষই এই ৰায়ক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰিছে, তথাপি এই নিৰ্দেশে এপিএছচি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতি সমাজত গভীৰ অনাস্থাৰ সৃষ্টি কৰিছে। যিটো এসময়ত ‘শুদ্ধিকৰণ অভিযান’ হিচাপে প্ৰচাৰিত হৈছিল, সেই অধ্যায় আজি অসমৰ ৰাজনৈতিক ইতিহাসত ‘ব্যৰ্থ প্ৰচেষ্টা’ৰ প্ৰতীক হৈ পৰিছে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0