নগাঁওঃ অত্যাৱশ্যকীয় বহুকেইবিধ খাদ্যসামগ্ৰীত বিষাক্ত তথা মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থকাৰ অভিযোগ উঠাৰ সময়তে সম্প্ৰতি নগাঁৱৰ গ্ৰামাঞ্চলৰ বজাৰত এক অসাধু চক্ৰই মেলি দিছে কৃত্ৰিম ৰং লগোৱা মগু দাইল৷ নগাঁও চহৰৰ এচাম ব্যৱসায়ীয়ে গুদামত দীৰ্ঘদিনে জমা হৈ থকা মগু দাইলৰ উজ্জ্বলতা বৃদ্ধি কৰি গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈকে মিহলাইছে এই কৃত্ৰিম ৰং৷
উল্লেখ্য, প্ৰাকৃতিকভাৱে উৎপাদন হোৱা মগু দাইল পিছত চাৰি-পাঁচ মাহ ধৰি পৰি থাকিলে লাহে লাহে ইয়াৰ ৰং শেঁতা পৰি যায়৷ ফলত এনে দাইল গ্ৰাহকে স্বাভাবিকতেই ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে৷ গ্ৰাহকৰ এলাগী হৈ পৰা এই দাইল অসৎ প্ৰবৃত্তিৰ ব্যৱসায়ীয়ে একপ্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য সানি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণত নামি পৰিছে৷ কিন্তু এনে ৰং মিহলোৱা দাইল খাদ্য হিচাপে গ্ৰহণ কৰাসকলক মাৰাত্মক ৰোগৰ বীজাণুৱে সহজেই ক্ৰিয়া কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি বিজ্ঞমহলে মন্তব্য কৰিছে৷