newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷
কলা শাখাত মুঠ ১ লাখ ৯৪ হাজাৰ ৫৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ১ লাখ ৪৫ হাজাৰ ২৮১ গৰাকীয়ে উত্তীৰ্ণ হয়৷ ইয়াৰে ১৯,৪৭০ গৰাকীয়ে প্ৰথম বিভাগত, ৪৫,৭৫১গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৮০,০৬০ গৰাকীয়ে৷