বালিপৰাঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা একাধিকৰ। অৰুণাচল প্ৰদেশত বিগত কিছুদিন ধৰি ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত বহু ঠাইত ভূমিস্খলন হোৱাৰ বাবে পথ বন্ধ হৈ পৰাত যাতায়ত ৰুদ্ধ হৈ পৰিছে।
শনিবাৰে পুৱা ১০ বজাত ভালুকপংৰ পৰা ১০ কি.মি নিলগত মাটি খহি পৰাত এখন টাটা ম’বাইল গাড়ী আৱদ্ধ হৈ পৰে। ভালুকপুঙৰ পৰা টাৱাঙলৈ বুলি সামগ্ৰী কঢ়িয়াই লৈ যোৱাৰ সময়ত উক্ত গাড়ীখন দুৰ্ঘটনাত পতিত হয় যদিও চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।