ডিজিটেল ডেস্কঃ উবেৰ কাৰত উঠিবলৈ এতিয়া ৪৯ টকা হ’লেই হ’ল। কিয়নো উবেৰে ভাৰতত মুকলি কৰিছে UberPASS।

এই নতুন পাছ লৈ যাত্ৰীয়ে ৪৯ টকাৰ ফ্লেট মূল্যত ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সম্প্ৰতি এই সুবিধা গুৱাহাটীলৈ অহা নাই। বেংগালুৰুত মুকলি হৈছে উবেৰৰ এই নতুন প্লেন।

আকৌ মুম্বাইত এই একেটা উবেৰ পাছৰ বাবে থিৰাং কৰা ফিক্সড ভাড়া হৈছে ৯৯ টকা। ৮ কি.মি. দুৰত্বৰ বাবে মাত্ৰ ৯৯ টকা দিলেই নিবলৈ উবেৰ সাজু।

পৰীক্ষামূলক এই প্লেনত যাত্ৰীয়ে এসপ্তাহত নিৰ্ধাৰিত পৰিমাণৰ ৰাইড সম্পন্ন কৰিলেহে পৰৱৰ্তী সপ্তাহত উবেৰ পাছৰ সুবিধা পাব।

এই সুবিধা আনলক কৰাৰ বাবে চহৰৰ ১০ শতাংশ উবেৰ ইউজাৰলৈ মেইল পঠোৱা হ’ব। মেইল চ্চেক কৰি আনলক কৰিলেই এই সুবিধা উপলব্ধ হ’ব।