102
ওদালগুৰিঃ ওদালগুৰিত বিজেপি জিলা সমিতিৰ উদ্যোগত ক’লা দিৱস পালন কৰা হয়। এই ক’লা দিৱসৰ লগত সংগতি ৰাখি বিজেপি কৰ্মীসকৰে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত। উল্লেখ্য যে ১৯৭৫ চনৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত দেশত জৰুৰীকালীন অৱস্থা ঘোষনা কৰাৰ সময়ত তেতিয়াৰ বিৰোধী দলৰ বিভিন্ন সদস্যৰ ওপৰত শাসনাধিস্থ দলটোৱে অত্যাচাৰ কৰাৰ প্ৰতিবাদত আজি এই কাৰ্যসূচী পালন কৰা হয়।