গুৱাহাটীঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল ৰহস্যজনকভাৱে নিম্নগামী হোৱাক লৈ একাংশই শিক্ষা বিভাগটোকে সন্দেহৰ দৃষ্টিৰে চোৱাৰ সময়তে সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নিম্নগামী ফলাফলৰ বাবে পোনপটীয়াকৈ শিক্ষকসকলকে দোষাৰোপ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে।
‘পাঠদানৰ সময়ত ধৰ্ণা দিবলৈ গ’লে শিক্ষাৰ মান উন্নত হ’ব কেনেকৈ?’ – এই প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। ফলাফল নিম্নগামী হোৱাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে ওলোটাই প্ৰশ্নৰহে অৱতাৰণা কৰে। পাঠদানৰ সময়ত ধৰ্ণা দিবলৈ যোৱাৰ সময়ত কেজুৱেল লিভ লয় নে শিক্ষকে- ৰাজ্যৰ শিক্ষকসকলক উদ্দেশ্য কৰি পুনৰ এই প্ৰশ্ন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।