নাৰায়ণপুৰঃ মঙলবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে লখিমপুৰ জিলাৰ ধলপুৰবাসী। আজি ঘোষিত ফলাফলৰ বিজ্ঞান শাখাত ঢলপুৰৰ অতি দুখীয়া পৰিয়ালৰ সন্তান ৰাজা বাবু শইকীয়াই প্ৰথম স্থান দখল কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰে।
উল্লেখ্য যে, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ কেইটামান নম্বৰৰ বাবে স্থান দখলত ব্যৰ্থ হৈছিল ৰাজা। ব্যৰ্থতাৰ পৰা শিক্ষা লৈ এইবাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।