আজি লালকিল্লাত ত্ৰিৰঙ্গা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজাদ হিন্দ চৰকাৰ আৰু নেতাজীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে
 

দেশৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অবদানৰ কথা বৰ্ননা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে 

ডিজিটেল ডেক্সঃ ভাৰতত আজাদ হিন্দ চৰকাৰৰ ৭৫তম প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ল৷ আজি দিল্লীৰ লালকিল্লাত ত্ৰিৰঙ্গা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজাদ-হিন্দ চৰকাৰ আৰু নেতাজীৰ উদ্দ্যশ্যি শ্ৰদ্ধা জ্ঞাপন কৰে৷

আজি লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদানৰ কথা বৰ্ননা কৰে৷ প্ৰধান মন্ত্ৰীজনে আৰু কয় যে ‘‘নেতাজীয়ে এনেকুৱা এখন ভাৰতবৰ্ষৰ কল্পনা কৰিছিল য’ত নাগৰিকৰে সমান অধিকাৰ আৰু সুযোগ থাকিব৷ তেখেতে এনেকুৱা এখন ভাৰতবৰ্ষৰ কল্পনা কৰিছিল য’ত প্ৰত্যেকজন নাগৰিকে নিজৰ দেশক লৈ গৌৰৱ কৰিব৷ দেশৰ সকলো নাগৰিকৰ মাজত কোনোধৰনৰ ভেদভাব অসমানতা নাথাকিব৷

কিন্তু নেতাজীৰ এই সপোন সপোন হৈয়েই ৰ’ল৷ দেশৰ জনসাধাৰনৰ বহুত ত্যাগৰ ফলত দেশে স্বাধীনতা লাভ কৰিছে৷ এই ত্যাগ যাতে বিফলে নাযায় আমি তাৰ প্ৰতি সদায় দৃষ্টি ৰখা উচিত৷
তাৰ পিচতেই নিজৰ চৰকাৰৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ তেঁও ক’লে যোৱা চাৰি বছৰে তেঁওৰ চৰকাৰখনে দেশৰ উন্নতিৰ স্বাৰ্থত কেনেকৈ কঠোৰ সিদ্ধান্তসমূহ ল’বলগীয়া হৈছে৷

দেশৰ স্বাৰ্থত ইয়াতকৈও কঠোৰ সিদ্ধান্ত ল’বলৈও তেঁওৰ চৰকাৰ প্ৰস্তুত৷ পাকিস্থানৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক, নেতাজীৰ ফাইল জনমানসৰ সন্মুখলৈ অনা কামটোও তেঁওৰ চৰকাৰেই কৰিছে৷

তিৰঙ্গা উত্তোলন কৰি উঠি আজাদ-হিন্দ চৰকাৰৰ প্ৰতিস্থা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে এক স্মাৰক ফলকৰ উন্মোচন কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মা, আইএনএৰ সৈনিক সকল আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াসকল৷ আজি আজাদ হিন্দ মিউজিয়ামৰো উদ্বোধন কৰিলে মোডীয়ে৷

উল্লেখযোগ্য যে ১৯৪৩ চনৰ ২১ অক্টোবৰত নেতাজীয়ে গঠন কৰিছিল আজাদ হিন্দ চৰকাৰ আৰু এই দিনাখনেই নেতাজীয়ে চিঙ্গাপুৰত আজাদ হিন্দ ফৌজ চৰকাৰ গঠন কৰিছিল৷ ১৯৪৪ চনৰ আইএনএৰ বাহাদুৰ ব্ৰিগেড গঠন কৰা হয়৷ সেই সময়ৰ বিশ্বৰ ১১ দেশে নেতাজীয়ে গঠন কৰা আজাদ হিন্দ চৰকাৰক স্বীকৃতি দিছিল৷